67
মিছামাৰীঃ শোণিতপুৰ জিলাৰ মিছামাৰীৰ গাভৰু নদীত আজি আবেলি বালি খান্দি থকা সময়তে জ্বলি উঠে এখন এক্সাভেটৰ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগি এক্সাভেটৰখনৰ ইঞ্জিনটো সম্পূৰ্ণৰূপে জ্বলি যায়৷
এক্সাভেটৰৰ সহায়কজনৰ ভৰিত জুই লগাৰ ফলত চিকিৎসাধীন হ’ব লগা হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে মিছামাৰী সামৰিক ঘাটিৰ গোলচক্ৰৰ সমীপত চিৰঞ্জীৱ নামৰ এটা নিৰ্মাণ কোম্পানী এটাই চলাই থকা নিৰ্মাণকাৰ্যত প্ৰয়োজনীয় বালি গাভৰু নদীৰ পৰা ট্ৰাকত এক্সাভেটৰখনেৰে খান্দি আছিল।