সৰভোগঃ বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৪০ নং সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক ৰনজিৎ কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগৰ নুনতলা গাঁৱত থকা থকা অসম চৰকাৰৰ দ্বাৰা পৰিচালিত নুনী বাগান আৰু মুগা ফাৰ্মত হোৱা নাই আশানুৰূপ মুগা উৎপাদন।
প্ৰায় ১৫০ বিঘা দৈৰ্ঘ্যৰ এই বাগান খনত মুগা পোক পুহিবলৈ সুবিধা আছে যদিও পৰ্যাপ্ত নহয়। বকোৰ লগতে বিভিন্ন ঠাইৰ পৰা অধিক দামত কণী আনি পলু উৎপাদন কৰে খেতিয়ক সকলে। এক কিলো কণীৰ মূল্য ১০ হাজাৰ টকা। বাগানৰ চৰকাৰী কৰ্মচাৰীৰ নাই চাহিদা।