কলাইগাওঁঃ চিৰাঙৰ বিজনী চহৰৰ নিকটৱৰ্তী দহলাপাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত বৃহস্পতিবাৰে আবেলি অসুস্থ অৱস্থাত উদ্ধাৰ হৈছিল নেপালৰ কাঠমাণ্ডুৰ লেখক-পৰ্যটক৷ নাগালেণ্ডত দহদিন পূৰ্বে ভ্ৰমণলৈ অহা বাবুৰাম আৰৱাল নামৰ ২৯ বছৰীয়া পৰ্যটকজনৰ পৰা চাৰিদিন পূৰ্বে নাগালেণ্ডত তিনি যুৱকে ম’বাইল ফোন, নগদ ধন, ভিডিঅ’ কেমেৰা ভয় দেখুৱাই লুটি নিয়াৰ পিছত বিবুদ্ধিত পৰিছিল পৰ্যটকজন৷
উপায়ান্তৰ হৈ পৰ্যটকজন নাগালেণ্ড আৰক্ষীৰ কাষ চাপে যদিও পৰ্যটকজনক অসমলৈ অহা ট্ৰাকতহে উঠাই দিয়ে৷ ট্ৰাকচালকে বৃহস্পতিবাৰে পাঠশালাত নমাই দিয়াত পশ্চিম দিশে খোজ কাঢ়ি আহি আজি চিৰাঙৰ দহলাপাৰা পায়৷