কোকিলাঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাণিকপুৰ গোসাইপাৰাৰ কণমাণি দীপাংকৰ এতিয়া পংগু। ৪ বছৰীয়া এই শিশুটোৰ দুৰৱস্থা দেখিলে আপোনাৰো চকুলো ওলাব। দুটাকৈ ভৰিত অস্ত্ৰোপচাৰ কৰি বিছনাত ছটফটাই আছে কণমানিটো। চকুৰ অস্ত্ৰোপচাৰৰ বাবে পৰিয়ালৰ হাতত নাই ধন। কি হ’ব কণমানি দীপাংকৰৰ ভৱিষ্যত।
জানিব পৰা মতে, যোৱা ৮ মে’ত পৰিয়ালৰ সৈতে বিয়া খাবলৈ গৈছিল দীপাংকৰ। বৰপেটা ৰোডৰ পৰা বিবাহ যাত্ৰীৰ লগত গাড়ীত ঘৰলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্থ হৈছিল গাড়ীখন। ককা ধনঞ্জয় নাথৰ কোলাত বহি আছিল দীপাংকৰ। দুৰ্ঘটনাটোত ককা আৰু নাতি দুয়োজন গুৰুতৰভাৱে আহত হয়।