49
বালিপাৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমলগা বামুনজুলি গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ পুৰুষ-মহিলা আৰু শিশুসহ প্ৰায় ৫০ গৰাকী লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷
জানিব পোৱা মতে, দেওবাৰে গাঁওখনৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা বহাগী বিদায় উপলক্ষে স্থানীয় ৰাইজে নাম-প্ৰসংগ অনুষ্ঠিত কৰি প্ৰসাদ গ্ৰহণ কৰে৷ আজি পুৱতি নিশাৰ পৰা গাঁৱৰ বহুকেইজন লোকৰ জ্বৰ-বমি আৰু মূৰৰ বিষ আৰম্ভ হয়।