দলংঘাটঃ এফালে যদি যাদৱ পায়েঙৰ দৰে প্ৰকৃতিপ্ৰেমীয়ে বনৰ জীৱ-জন্তুক আশ্ৰয়স্থল সাজি দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছে, আনফালে এচাম নিৰ্দয়ী লোকৰ হঠকাৰী কাৰ্যই চকু কপালত তুলিছে প্ৰকৃতিপ্ৰেমীৰ। দেওমৰনৈত জাক জাক বগলীৰ মত্যুৰ খবৰে ব্যাধিত কৰিছে প্ৰকৃতিপ্ৰেমীক।
প্ৰতিবছৰৰ দৰে এইবাৰো দেওমৰনৈ অঞ্চলত বগলীয়ে জাকে জাকে আহি বাঁহ সাজি পোৱালী জগাইছিল। কিন্তু বাঁহৰ গৰাকীয়ে বাঁহবোৰ কাটি দিয়াৰ ফলত শ শ পোৱালীৰ বাহৰ ওপৰৰ পৰাৰ ফলত মৃত্যু মুখত পৰে জাকে জাকে পোৱালী।