73
বিহালীঃ দিল্লীৰ অসাধু চক্ৰৰ কবলৰ পৰা বিহালি আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিলে অসমৰ কিশোৰী। দিল্লীৰ মতিনগৰ, মিঞা আলি আৰু চুকুৰপুৰ থানা এলেকাৰ পৰা বিহালীৰ চাৰিগৰাকী কিশোৰীক উদ্ধাৰ কৰে আৰক্ষীয়ে।
কিশোৰী কেইগৰাকীক দালাল চক্ৰই এবছৰৰ পূৰ্বে ফুচুলাই নি বিক্ৰী কৰিছিল দিল্লীৰ অসাধু চক্ৰৰ হাতত। শাৰীৰিক মানসিক অত্যাচাৰৰ সন্মুখীন হৈছিল কিশোৰী কেইগৰাকী।