বালিপাৰাঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰু ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত। বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত মানুহ বসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে বহুতো লোকৰ হত্যা কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বনবিভাগে। হাতীৰ এই আক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগ সম্পুৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
মঙলবাৰে নিশা ৰঙাপৰাৰ চেচাঁ চাহ বাগিছাত খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে বাগিচাখনৰ ভিতৰত প্ৰৱেশ কৰি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে বাগিচাখনৰ শ্ৰমিকৰ ৬ টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। শেষত গঞা ৰাইজৰ সহযোগত উক্ত হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয় বনবিভাগ।