58
মুছলপুৰঃ পাৱাৰগ্ৰীডৰ মইমতালিক লৈ শনিবাৰে উত্তপ্ত হৈ পৰে বাগছা জিলাৰ মুছলপুৰ। পাৱাৰগ্ৰীডৰে লগ হৈ আৰক্ষীয়ে গছ কটাক লৈ অঞ্চলটোত এনে পৰিস্থিতিৰ উদ্ভৱ হয়।
উল্লেখ্য যে, পাৱাৰগ্ৰীড কৰ্তৃপক্ষই জিলাখনৰ মাজেৰে যোৱা অৰুণাচল-আগ্ৰা উচ্চ শক্তিসম্পন্ন বিদ্যুৎ লাইনৰ ফলত ক্ষতিগ্ৰস্ত ১২শতাধিক পৰিয়ালক, ২০১২ চনৰ পৰা কেবাবাৰো আলোচনা কৰিও সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিয়া নাই।