কোকৰাঝাৰঃ যুৱ প্ৰজন্মৰ উশৃংখল চিন্তাধাৰা, মহিলাৰ নিৰাপত্তাৰ অভাৱ, নিচা জাতীয় দ্ৰব্য সেৱন আৰু অসমাজিক কাম কাজে সমাজখনকে বিপথে পৰিচালিত কৰাৰ সময়তে কিক বক্সিং সন্থাই যুৱ প্ৰজন্মৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে প্ৰশিক্ষণৰ আয়োজন কৰিছে।
আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত বিটিএডি কিক্ বক্সিং সন্থাৰ সভাপতি নৃপেন্দ্ৰ চন্দ্ৰ ৰায় আৰু সাধাৰণ সম্পাদক মণ্টু ৰাজ বসুমতাৰীয়ে কয় যে সমৰ কলাৰ ক্ৰীয়াৰ দ্বাৰাই যুৱ-প্ৰজন্মৰ মন, মগজুৰ উৎকৰ্ষ সাধন আৰু সুস্থ মানসিকতা গঢ় দিব পাৰি।