ডিব্ৰুগড়ঃ সফলতাৰ ধাৰা অক্ষুন্ন ৰাখি এইবাৰো ডিব্ৰুগড়ৰ মান উজলাবলৈ সমৰ্থ হৈছে ছল্টব্ৰুক একাডেমীয়ে। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত শিক্ষানুষ্ঠানখনৰ ১৩ গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰে।
জিলাখনৰ চৰকাৰী খণ্ডৰ বিদ্যালয়-মহাবিদ্যালয়ক চেৰ পেলাই এনে সাফল্য অৰ্জন কৰাত উৎসাহিত হৈ পৰিছে ছল্টব্ৰুক একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকল। ফলাফল অনুযায়ী শিক্ষানুষ্ঠানখনৰ পৰা বিজ্ঞান শাখাত ৭গৰাকীকৈ শিক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ সমৰ্থ হয়।