খেৰণিঃ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে নাটকীয় পট পৰিৱৰ্তন দেখা গৈছে পাহাৰীয়া জিলা কাৰ্বি আংলঙত। নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত সঘনে সলনি হৈছে দৃশ্যপট। ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰি তুলিছে নেতা-পালিনেতাৰ বাদ-বিসম্বাদ আৰু দল বাগৰা কাৰ্যই।
প্ৰতিটো পৰিষদীয় সমষ্টিতে এতিয়া নিৰ্বাচনী ধুমুহাই এফালৰ পৰা চুই গৈছে কাৰ্বি পাহাৰৰ জনতাক৷ এফালে বিজেপিত টিকট কেন্দ্ৰীক বিসম্বাদৰ সৃষ্টি কৰি একাংশই অগপৰ প্ৰাৰ্থীত্ব লৈ পৰিষদীয় সমষ্টিত বিশাল মটৰ চাইকেল-বাহন আদিৰ ৰেলি উলিয়াই নিৰ্বাচনী ৰণশিঙা বজাইছে।