বিহালীঃ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিনিসুতি শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ উচ্চ শাখাৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ স্বাগত চুব্বাই মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় তৃতীয় পৰ্যায়ৰ ভাৰতীয় য়ুংমুদু ফেডাৰেচন চেম্পিয়নচিপৰ ২০১৭-১৮ বৰ্ষৰ সমৰকলা শাখাত অসমৰ লগতে তিনিসুঁতিৰ গৌৰৱ কঢিয়াই আনে স্বাগত চুব্বাই।
চলিত বৰ্ষৰ মে’ মাহৰ ১৩ ৰপৰা ১৫ তাৰিখলৈকে মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় য়ুংমুদু ফেডাৰেচনৰ এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছে।