মৰিগাঁওঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বন দস্যুৰে কোনো আপোচ কৰা নহ’ব বুলি নিতৌ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি থকাৰ সময়তেই মৰিগাওঁ জিলাত দেখা গৈছে এখন বিপৰীত ছবি। জিলাখনত এচাম বালি মাফিয়াই বনমন্ত্ৰীৰে সু-সম্পৰ্কৰ দোহাই দি তাণ্ডৱ চলাই থকাৰ অভিযোগ উথাপিত হৈছে।
স্বয়ং এগৰাকী বন বিষয়াই আৰক্ষীক দিয়া এজাহাৰত এই কথা প্ৰকাশ পোৱাৰ পিছত বিভাগটোৰ ভিতৰে-বাহিৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে,বন বিভাগৰ ৰহস্যজনক নিৰ্লিপ্ততাৰ সুযোগ লৈ আহতগুৰি, পলাশগুৰি, আমচৈ, ভকত গাওঁ, কদমতলি, মণিপুৰটুপকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত এচাম বালি মাফিয়াই বিগত কেইবামাহ ধৰি তাণ্ডৱ চলাই আহিছে।