খেৰণিঃ কাৰ্বি আংলং জিলাত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী বতাহ। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী যুঁজৰ তৎপৰতা৷ পৰিপ্ৰেক্ষিতত দল তথা ৰাজনৈতিক নেতাসকলে ইজনে-আনজনক আক্ৰমণ-প্ৰতি আক্ৰমণেৰে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত।
এই নিৰ্বাচনী প্ৰচাৰ আৰু অভিযানৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গ’ল কংগ্ৰেছৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা। আনহাতে পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী ৰণশিঙা বজোৱা দেখা গ’ল বিজেপিক।