49
নগাঁওঃ ৰে’ল মন্ত্ৰালয়ে স্বচ্ছ ভাৰত অভিযানক সফল কৰি তুলিবলৈ ৰেলপথ পৰিস্কাৰ কৰাৰ লগতে বৃক্ষৰোপন কৰিব। বিশেষকৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৰে’লপথসমূহ সেউজীয়াকৰণ কৰাৰ এক বিশেষ আঁচনি হাতত লৈছে৷
নগাঁৱৰ চাপৰমুখৰ পৰা শিলঘাটলৈকে থকা মুঠ ৮১ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথছোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে৷ চলিত মাহৰ ভিতৰতে পথ সেউজীয়াকৰণৰ কাম সম্পূৰ্ণ কৰিব ৰে’ল কৰ্তৃপক্ষই ৷