55
ঢেকীয়াজুলিঃ চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত শোণিতপুৰ জিলাৰ ঠেলামৰাৰ দুগৰাকীকৈ ছাত্ৰী কৰিশ্মা চৌধুৰী আৰু আশা দেৱীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাক লৈ উৎফুল্লিত অঞ্চলবাসী৷
ইয়াৰে ৯৮.৫ শতাংশ লাভ কৰি ১০ চিজিপিএ গ্ৰেড লাভ কৰা কৰিশ্মা ঠেলামৰাৰ আব্দুল অদুদ চৌধুৰী (দাদুল) আৰু চুফিয়া বেগমৰ কন্যা৷ একেদৰে ৯৪ শতাংশ লাভ কৰা আশা দেৱী ঠেলামৰাৰ এৰাসুঁতি অঞ্চলৰ শুক্ৰ প্ৰসাদ কটেল আৰু দীপা দেৱীৰ কন্যা৷