62
নগাঁওঃ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো সা-সুবিধা প্ৰদানৰ লক্ষ্যৰে নগাঁৱত গ্ৰহণ কৰা হৈছে এক অভিনৱ আঁচনি৷ ‘সাৰথি’ শীৰ্ষক এই আঁচনিখন চলিত বৰ্ষৰ পৰাই আৰম্ভ কৰা হ’ব৷
নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা শিক্ষা বিভাগৰ দ্বাৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণত সহায়ক হোৱাৰ বাবেই গ্ৰহণ কৰা হৈছে এই আঁচনি৷