ডিমৌঃ সমগ্ৰ বিশ্বৰ লগতে উজনি অসমৰ বিভিন্ন স্থানতো আজি উৎসাহ-উদ্দীপনাৰ মাজেৰে পৰিৱেশ দিৱস উদ্যাপন কৰা হয়। উজনি অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্য পানীদিহিং পক্ষী অভয়াৰণ্যত সোমবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শ শ গছপুলি ৰোপণ কৰা হয় ।
পক্ষীকূলৰ সংৰক্ষণৰ বাবে স্থানীয় স্বেচ্ছাসেৱী সংগঠনে লৈছে এই প্ৰয়াস। পাৰ্ৰিপাশ্বিক দিশত পানীদিহিঙক নান্দনিক পৰিৱেশ সৃষ্টিত গুৰুত্ব প্ৰদান কৰি পূবেৰুণ এন জি অ’ আৰু টুৰিষ্ট গাইড এচোছিয়েচন, শিৱসাগৰৰ উদ্যোগত এই প্ৰয়াস হাতত লোৱা হয় । পুৱা বৃক্ষ ৰোপণ কাৰ্যসূচীৰ আৰম্ভ কৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰবক্তা তথা ডিমৌ প্ৰেছ ক্লাৱৰ সম্পাদক অজয় কুমাৰ গগৈয়ে ।