61
গৌৰীসাগৰঃ জীৱন কি বুজি পোৱাৰ পূৰ্বেই সৃষ্টিকৰ্তাৰ ৰোষৰ সন্মুখীন হৈছে এটি দেৱশিশু৷ পৰিয়ালৰ আদৰৰ মাজত উমলি-জামলি মাথো সাত মাহ বয়স সম্পূৰ্ণ কৰা শিশুটিৰ অভিভাৱকো এতিয়া নিৰুপায়৷
শিৱসাগৰৰ লক্ষীপ্ৰভা নামৰ মহিলাগৰাকীৰ কন্যা সন্তানটিৰ মূৰত পানী জমা হোৱাটো ধৰা পেলাইছে চিকিৎসকে৷ গীতিমণি নামৰ এই কণমানি জটিল ৰোগৰ ফলত বৰ্তমান অথৰ্বপ্ৰায়৷ সম্প্ৰতি ধনৰ অভাৱত শিশুটিৰ চিকিৎসা কৰিব পৰা নাই অভিভাৱকে৷