54
বাহকাবাৰীঃ নগাঁও জিলাৰ কামপুৰৰ দেৱনাৰিকলি এখন বৃহৎ জনবসতি পূৰ্ণ অঞ্চল। এই অঞ্চলত বহুবছৰ আগতে কঠিয়াতলি উন্নয়ন খণ্ডৰ এলেকাত অসম চৰকাৰৰ জন স্বাস্থ্য বিভাগে স্থাপন কৰিছিল জনসাধাৰণৰ বাবে খোৱা পানীৰ প্ৰকল্প।
কিন্তু কেইটামান বছৰ অতিক্ৰম কৰাৰ পাছতে দেৱনাৰিকলি খোৱা পানীৰ প্ৰকল্পটো বগাহাতীত পৰিণত হ’ল। এই বৃহত্তৰ এলেকাৰ জনসাধাৰণে ২০১৬ বৰ্ষৰ পৰাই কপিলী নদীৰ পানীৰেই অ-স্বাস্থকৰ পৰিবেশত দুষিত পানী সেৱন কৰি আহিছে।