57
ৰঙিয়াঃ ৰঙিয়া বন বিভাগে জব্দ কৰা চাৰিখনকৈ কাঠ-কয়লা ভৰ্তি ট্ৰাক আইনী মেৰ-পেচত সোমাই পৰিছে৷ প্ৰায় চাৰিমাহ পূৰ্বে ৰঙিয়া ৰাইজৰ সহযোগত উত্তৰ কামৰূপ বন সংমণ্ডলে জব্দ কৰিছিল চাৰিখনকৈ কাঠ-কয়লাৰ ভৰ্তি ট্ৰাক।
চিকাৰীয়া উপাধিৰ এজন ব্যৱসায়ীয়ে সকলো পক্ষক ‘মেনেজ’ কৰি দীৰ্ঘ সময়ৰ পৰা ৰঙিয়া মুল চহৰৰ মাজেৰে ভূটানলৈ কাঠ-কয়লা কঢ়িযাই থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে জব্দ হৈছিল ট্ৰাক চাৰিখন।