অভয়াপুৰীঃ জকাইচুকৰ কুকুৰক চিকিৎসাৰ বাবে দিল্লীৰ পৰা ফোনত আহিল নিৰ্দেশ৷ সততে অসমৰ গাঁৱে-ভূৱে, চহৰে-নগৰে অসংখ্য কুকুৰ বাটে-ঘাটে কদৰ্য অৱস্থাত দেখা যায় যদিও অভয়াপুৰীত এটি ৰাস্তাৰ কুকুৰক লৈ ব্যস্ত হৈ পৰিল আৰক্ষী৷ কিয়নো কুুকুৰটোৰ চিকিৎসাৰ বাবে দিল্লীৰ পৰা মন্ত্ৰীয়ে নিৰ্দেশ দিলে৷
এনেদৰেই মঙলবাৰে নিশা আঘাত প্ৰাপ্ত কুকুৰটোক লৈ ব্যস্ত হৈ পৰে অভয়াপুৰী অঞ্চলৰ কেই গৰাকীমান প্ৰকৃতি প্ৰেমী সচেতন যুৱক আৰু অভয়াপুৰী আৰক্ষী থানা। বঙাইগাওঁ জিলাৰ অভয়াপুৰী দেওহাটী ৰেল ষ্টেশ্যনৰ সমীপত অভয়াপুৰী কেইগৰাকীমান যুৱকে এটি আঘাত প্ৰাপ্ত কুকুৰ প্ৰত্যক্ষ কৰি কুকুৰটোক পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰায়৷