সৰভোগঃ সমগ্ৰ ৰাজ্যতে মদ-ভাঙৰ উপৰিও আন বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্যই যুৱ প্ৰজন্ম এটাৰ ৰাজহাড় ভাঙি কোঙা কৰি পেলোৱাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল৷ প্ৰশাসনৰ দুৰ্বল ভুমিকাৰ বাবে স্কুল-কলেজৰ ছাত্ৰই বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী ক্ৰয় কৰি আহিব পাৰিছে বুলি আজি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সৰভোগ অঞ্চলিকে অভিযোগ উত্থাপন কৰে৷
আজি দিনৰ ২ বজাত সংগঠন দুটাই সৰভোগত যৌথভাৱে এখন সংবাদ মেল অনুষ্ঠিত কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে সমাজ বিৰোধী চক্ৰই ধনৰ লোভত এনেদৰে প্ৰজন্ম ধ্বংসকাৰী সামগ্ৰীৰ ব্যৱসায় চলাই আহিছে৷