লংকাঃ ৰাজ্যত অব্যাহত আছে বন্যহস্তী আৰু মানুহৰ সংঘাত। তাৰ মাজতে কৃষকে মুৰৰ ঘাম মাটিত পেলাই কৰা খেতি। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ উলাই অহা বন্যহস্তীৰ এটা বৃহৎ জাকে লংকাৰ কপিলীপাৰ অঞ্চলত খেতিপথাৰৰ বিস্তৰ ক্ষতি সাধন কৰে।
পুৱতি নিশাই প্ৰায় ৪০-৫০ জনীয়া বন্য হস্তীৰ এটা জাকে অঞ্চলটিত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে বহু বিঘা কুঁহিয়াৰ খেতি বিস্তৰ ক্ষতি সাধন কৰে। হাতীৰ উপদ্ৰবত আতংকিত গাওঁ বাসীয়ে পুৱা বনবিভাগৰ লোকক খবৰ দিয়ে।