কোকৰাঝাৰঃ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী সাপটগ্ৰামত বুধবাৰৰ নিশা উজনিমুৱা ৰে’লৰ খুন্দাত দুজনকৈ লোক থিতাতে নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ৰে’লৰ খুন্দাত নিহত লোকদুজনক সমজাৰ আলি (৪০) আৰু আয়নাল হক (২০) বুলি চিনাক্ত কৰা হৈছে ৷ প্ৰাপ্ত বাতৰি মতে, বিটিএডিৰ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ থানাৰ বালাপাৰা প্ৰথম খণ্ড গাওঁৰ সমজাৰ আলী (৪০) আৰু সাপটগ্ৰাম অঞ্চলৰ দুই নং ৱাৰ্ডৰ আয়নাল হক (২০) নামৰ লোক দুজনে অত্যাধিক মদ্যপান কৰি সাপটগ্ৰাম ৰে’লৱে ক্ৰছিং আৰু সোণকোষ দলঙৰ মাজৰ কেকুৰীৰ ৰে’লপথত নিশা শুই আছিল ।