64
ওৰাংঃ শিক্ষকেই মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা হয় যদিও এজন শিক্ষকৰ কাণ্ডই কেৱল শিক্ষক সমাজকে নহয়, সমগ্ৰ শৈক্ষিক মহলকে লজ্জানত কৰিছে৷ এইজন শিক্ষকে মদৰ ৰাগীত বিদ্যালয়তে কণ কণ ছাত্ৰ-ছাত্ৰীৰ আগতে বাৰান্দাত বাগৰি পৰি থাকিল ঘণ্টাৰ পিছত ঘণ্টা৷
ওদালগুৰিৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম ভোগদল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে প্ৰায়ে মদৰ নিচাত থৰক বৰক হৈ বিদ্যালয়ত উপস্থিত হয়৷