কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বৃহত্তৰ ভোটগাওঁ অঞ্চলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সৰ্বমুঠ ২৫ গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷
এবিএমছুৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ভোটগাওঁ এম ই স্কুল প্ৰাংগনত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২৪ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ এগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক একোখনকৈ ফুলাম গামোছা, কিতাপ, কলম আৰু মানপত্ৰসহ সম্বৰ্ধনা জনোৱা হয়৷