135
লালুকঃ নাওবৈছা সমষ্টিৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰা শিঙৰা নৈ বান সমস্যাক লৈ আজি পুনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ কৰে ৰাইজে৷
বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নাওবৈছা আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই পথ অবৰোধ কাৰ্যসূচীত নাওবৈছাৰ গেলা আহোমনি অঞ্চলত অবৈধ ভাৱে নিৰ্মাণ কৰা কৃষি বান্ধটোক মুকলি কৰি দি পূৰ্বৰ সুঁতিত বোৱাই দিয়াৰ দাৱী জনোৱাৰ লগতে শিঙৰা নৈ বান সমস্যাক বিজ্ঞান সন্মত সমাধানৰ দাৱী জনাই অবৰোধ কাৰী ৰাইজে৷