লালুকঃ উত্তৰ লখিমপুৰ জিলা শিক্ষক-কৰ্মচাৰী সন্থাই শুকুৰবাৰে খেৰাজখাট কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ জিলাখনৰ এশ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে৷
খেৰাজখাট কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মাখনি নেওঁগে বন্তি প্ৰজ্বলেনেৰে কাৰ্যসূচীৰ শুভৰাম্ভ কৰে৷ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বুবুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অমৃত শৰ্মাই৷