নগাঁওঃ নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ সৰ্বস্তৰৰ লোকৰে স্বাভাৱিক জীৱন-যাত্ৰা একপ্ৰকাৰে ব্যাহত হৈ পৰিছে ৷ দিনটোত এবাৰৰ বাবেও সূৰ্য দেৱতাই ভূমুকি নামাৰি ধাৰাষাৰ বৰষুণেই হৈ থকাত জিলাখনৰ গ্ৰামাঞ্চলবোৰৰ বাট-পথ বোকা-পানীৰে উপচি পৰি কদৰ্যৰূপ ধাৰণ কৰাৰ বিপৰীতে কৃষিভূমিসমূহ জলমগ্ন হৈ পৰিছে৷
যাৰ পৰিণতিত ৰাইজৰ দৈনন্দিন প্ৰয়োজনীয় কাম-কাজ চলাই নিয়াত ব্যাঘাট জন্মাৰ লগতে কৃষিজীৱি লোকসকল দুঃচিন্তাত পৰিবলগীয়া হৈছে৷ একমাত্ৰ কৃষিকাৰ্যৰে জীৱিকা-নিৰ্বাহ কৰা নগঞা অধিকাংশ কৃষকৰে কৃষিভূমিসমূহ বৰ্তমান বৰষুণৰ পানীত ডুব যাবলৈ ধৰাত খেতিয়কসকল চিন্তাগ্ৰস্ত হৈ পৰাটো স্বাভাৱিক৷ নগঞা কৃষকৰ প্ৰধান খেতি হ’ল ধানখেতি ৷