ডিজিটেল ডেস্কঃ সকলো ব্যস্ত হৈ আছিল অভেলক লৈ। কোনো এজন ভাৰতীয়ই গুৰুত্ব দিয়া নাছিল ১০ মাইল দূৰত্বৰ ৰিভাৰবেংকক। মেগা ছানডেত ভীষণভাৱে সকলো ব্যস্ত হৈ পৰিছিল বিৰাট বাহিনীক লৈ। সামান্যকণো আগ্ৰহ অনুভৱ কৰা নাছিল হৰমনপ্ৰীত, ৰুপিন্দৰ বাহিনীক লৈ।
কিন্তু শেষ মুহূৰ্তত ইংৰাজৰ দেশত ভাৰতৰ সন্মান ৰক্ষা কৰিলে দেশবাসীয়ে গুৰুত্ব নিদিয়া হৰমনপ্ৰীত, ৰুপিন্দৰেই। বিপৰীতে সকলোৰে আশা-আকাংক্ষাক ধূলিস্যাৎ কৰি চিৰবৈৰী পাকিস্তানৰ হাতত শোচনীয় পৰাজয় বৰণ কৰে বিৰাট বাহিনীয়ে।