132
কোকৰাঝাৰঃ বিটিচি প্ৰশাসনৰ উদ্যোগত আৰু ভাৰতীয় তেল নিগমৰ সহযোগত আজি কোকৰাঝাৰত জিলা ভিত্তিক “প্ৰধানমন্ত্ৰী উজ্জ্বলা যোঁজনা”ৰ শুভাৰম্ভ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
কোকৰাঝাৰস্থিত বডোলেণ্ড অতিথিশালাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ যোগেদি আজি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোঁজনা আঁচনিৰ শুভাৰাম্ভ কৰি বিটিচিপ্ৰধাান হাগ্ৰামা মহিলাৰীয়ে প্ৰথম পৰ্যায়ত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ৩৫ টা পৰিয়ালৰ হিতাধিকাৰীৰ মাজত ৰন্ধন গেছ সংযোগৰ প্ৰমাণপত্ৰ বিতৰণ কৰে।