ধিংঃ নগাওঁ জিলাৰ জাজৰি আৰক্ষীৰ এটা দলে সোমবাৰে নগাওঁ চহৰৰ ধিং গেটৰ পৰা এজন ভু-মাফিয়াক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলাখনৰ বটদ্ৰৱাৰ সমীপৰ হাতীজুৱাৰ এটা অপহৰণ কাণ্ডৰ লগত জৰিত থকাৰ অভিযোগত মজিবুৰ ৰহমান নামৰ লোকজনৰ বিৰুদ্ধে ডেৰ বছৰ পূৰ্বে জাজৰি থানত এক গোচৰ ৰুজু হৈ আছিল।
এই গোচৰৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে মজিবুৰক বিচাৰি মাজে মাজে অভিযান চলাইছিল যদিও একাংশ ৰাজনৈতিক নেতাৰ মজিবুৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।