মিছামাৰীঃ শোণিতপুৰ জিলাৰ অতি গুৰুত্বপূৰ্ণ অঞ্চল মিছামাৰীৰ সংযোগী কোনো এটা পথ এতিয়া যাতায়ত সুচল নহয়। অঞ্চলটোৰ পৰা তেজপুৰ, ঢেকীয়াজুলি, ৰঙাপৰা, ঠেলামৰা আদি ঠাইলৈ যোৱা সংযোগী পথবোৰ বিগত বছৰৰ পিছত বছৰ ধৰি মেৰামতি নোহোৱাৰ ফলত পথ বোৰৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ খাৱৈৰ সৃষ্টি হোৱাৰ উপৰি বৃহৎ বৃহৎ গাতৰ সৃষ্টি হোৱাত সাধাৰণ যাত্ৰীৰ উপৰি গাড়ী মটৰ আদি যাতায়তি কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।
ইফালে যোৱা কেইবাদিন ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত পথ সমুহৰ পূৰ্বৰ গাত সমুহত পানী জমা হোৱাৰ উপৰি অতি ব্যস্ততাময় পথ সমুহ বৰষুণৰ কেইদিন পূৰ্বত কৈ অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে।