105
তেজপুৰঃ ভাৰতীয় প্ৰাচীন সভ্যতা-সংস্কৃতিত নাৰীক দেৱী জ্ঞান কৰা হয়। অসমীয়া সমাজতো নাৰীক এক শক্তি বুলি ভবা হয়। কেতিয়াবা যদি নাৰীক মা দুৰ্গা ৰূপ দিয়া হয় আন কেতিয়াবা আকৌ মা কালীৰ ৰূপতো কল্পনা কৰা হয় নাৰীক।
নাৰীক সৃষ্টিকাৰী, প্ৰাণদায়িনী বুলি ভবা হয়। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ ভিতৰত অসমত নাৰীক দেৱীৰ মৰ্য্যদা দিয়া হয়। ৰাজ্যখনত নাৰীক যথেষ্ট মৰ্য্যদা দিয়া হয় বুলি সুনাম আছে।