86
লংকাঃ হোজাই জিলাৰ কাকী আঞ্চলিক বন বিষয়া কাৰ্য্যলয়ৰ অন্তৰ্গত ২/৩ নং কাকী নামনি গাঁৱত বৃহস্পতিবাৰে বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল সহ এখন ঘোৰা গাড়ী আৰু বহু মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে৷
উল্লেখ্য যে কাকী টঙীয়াৰ জীৱন দাস নামৰ এজন কুখ্যাত চোৰাং কাঠ ব্যৱসায়ীয়ে ৰ্দীৰ্ঘ দিন ধৰি কাঠৰ বিভিন্ন স্থানত এনেদৰে অবৈধ কাঠফলা মিল স্থাপন কৰি কাকী বনাঞ্চল ধংসত নামি পৰাৰ অভিযোগ আছে৷