58
মঙলদৈঃ মঙলদৈত বান্দৰ কেকোৱা লগাই বেংকৰ গ্ৰাহকৰ ধন লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি দিন দুপৰতে চহৰখনৰ মাজ মজিয়াৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বজাৰ শাখাৰ সমীপৰ পৰা হিন্দী কথাছবিৰ কায়দাৰে ৬০ হাজাৰ টকা লুটি লৈ যায়৷
জানিব পৰা মতে, মঙলদৈৰ বান্দিয়া চাপৰিৰ নবিকুল ইছলাম নামৰ যুৱকজনে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মঙলদৈ বজাৰ শাখাৰ পৰা ৬০ হাজাৰ টকা উলিয়াই টকাখিনি বেগত ভৰাই মটৰ চাইকেলত ওলোমাই লৈ ঘৰ অভিমুখে গৈ আছিল৷