Home ৰাজনীতিসংখ্যাগৰিষ্ঠতা লাভ, কাৰ্বি পাহাৰত বিজেপিৰ বিজয় উত্সৱ

সংখ্যাগৰিষ্ঠতা লাভ, কাৰ্বি পাহাৰত বিজেপিৰ বিজয় উত্সৱ

by News Desk
A+A-
Reset
79830ca7-84d9-408b-b066-52fb72e57de9

ডিফুঃ দ্বাদশ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত বিজেপিৰ কৰ্মী সমৰ্থকসকলৰ মাজত আজি উল্লাসৰ বন্যা বয়৷ সমৰ্থকসকলে নৃত্য-গীত, আঁতচবাজীৰে আজি বিজেপিৰ পূৱ কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷  

ডোলে-ডগৰে বিজয়ী প্ৰৰ্থী ৰতন টেৰণকলৈ সমৰ্থকসকলে ডিফু চহৰত সমদল উলিয়াই নেতাগৰাক আদৰণি জনায়। কাৰ্যালয়টোত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ অস্বাভাৱিক ভিৰ পৰিলক্ষিত হয়৷ আজিৰ বিজয় উৎসৱত ১৮নং লুম্বাজঙৰ বিজয়ী  প্ৰাৰ্থী তথা পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণ, ২০ আৰু ২১নং পৰিষদীয় সমষ্ঠিৰ বিজয়ী প্ৰাৰ্থী ক্ৰমে অমৰ তিচ’ আৰু জগত চিং ইংতি, সাধাৰণ সম্পাদক অজিত দে, উপ সভাপতি ভৰত কুমাৰ তিমুং, বিজেপিৰ ভাৰতীয় জনতা মজদুৰ মৰ্চাৰ সভাপতি কৃষ্ণ ভট্টৰায় আৰু সকলো মণ্ডলৰ সভাপতি,  সম্পাদকসকল উপস্থিত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0