গোবালপাৰাঃ শিক্ষামন্ত্ৰীৰ নিৰ্দেশ নামানে গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতিষ দাসে ৷ দৰিদ্ৰ সীমা ৰেখা(বি পি এল)ৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ পৰাও নামভৰ্তিৰ বাবদ ধন সংগ্ৰহ কৰা হৈছে মহাবিদ্যালয়খনত।
শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাক গুৰুত্ব নিদি নামভৰ্তিৰ সময়ত বি পি এল ছাত্ৰ-ছাত্ৰীসকলৰ পৰাও ব্যাপক হাৰত ধন সংগ্ৰহ আৰু ভৰ্তিকৰণৰ নামত প্ৰৱক্তা এজনে ছাত্ৰী এগৰাকীৰ পৰা দহহেজাৰ টকা সংগ্ৰহ কৰাক লৈ এবিভিপিৰ কৰ্মীসকলে আজি উত্তপ্ত কৰি তোলে মহাবিদ্যালয় চৌহদ ৷