64
ডিজিটেল ডেস্কঃ নিজৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি দেওবাৰে ভাৰতীয় শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তে বিশ্ব চেম্পিয়ন চেন লঙক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অপেন ছুপাৰ ছিৰিজৰ পুৰুষৰ শাখাত খিতাপ দখল কৰে।
৪৬ মিনিটৰ এই শ্বাসৰুদ্ধকৰ খেলখনত অলিম্পিক চেম্পিয়ন চেন লঙক পৰাস্ত কৰি খিতাপ দখল কৰাত উৎফুল্লিত হৈ উঠিছে ভাৰতীয়সকল।