সৰভোগঃ ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বৰনগৰ আঞ্চলিক সমিতি আৰু ৪০ নং সৰভোগ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসৰ উদ্যোগত সৰভোগ গান্ধী ভৱনত অনুষ্ঠিত সভাত অঞ্চলটোত সুখ্যাৰ্তিৰে উত্তীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৪৩ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ২০ গৰাকী শিক্ষাৰ্থীক সম্বর্ধনা জনোৱা হয়।
বৰনগৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা স্বৰ্ণলতা দাসে প্ৰাক্তন বিধায়ক হেমেন দাসৰ প্ৰচেষ্টাৰ শলাগ লয়। মূল উদ্যোক্তা ৪০ নং সৰভোগ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাস ভাষণত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ ক্ৰমবৰ্ধমান ভাল ফলাফলক লৈ সন্তোষ ব্যক্ত কৰে।