67
গৌৰীসাগৰ: মেট্ৰপলিটান চহৰ গুৱাহাটীৰ দৰে হৈ উঠাৰ দিশে আগবাঢ়িছে ৰাজ্যখনৰ পৰ্যটনৰ অন্যতম কেন্দ্ৰস্বৰূপ শিৱসাগৰ চহৰ। পিছে গুৱাহাটীৰ বেয়া লক্ষণসূহহে দেখা গৈছে শিৱসাগৰত।
গুৱাহাটীৰ দৰেই এজাক বৰষুণতে পানীৰে উপচি পৰা চহৰখন দেখিলে গুৱাহাটীৰ লগত পাৰ্থক্য বিচাৰ কৰা একপ্ৰকাৰ অসম্ভৱ হৈ পৰে চহৰখনত। শিৱসাগৰ ষ্টেট বেংকলৈ পথ, শিৱসাগৰ দ’লমুখ চাৰিআলিত একাঠু পানী জমা হোৱাত গ্ৰাহক, পথচাৰী তথা সাধাৰণ লোক ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।