কোকৰাঝাৰঃ ৰাজ্যৰ বাহিৰত কৰ্মৰ সন্ধানত গৈ বহু হোজা লোক সময়ে সময়ে নিৰ্যাতন হাৰাশাস্তিৰ সন্মুখীন হোৱাটো চিৰপৰিচিত ঘটনাত পৰিণত হৈছে যদিও কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ গৈ মানসিক চিকিৎসালয়ত এবছৰ কাল থকাটো অত্যন্ত কৰুণ ঘটনা বুলি বিবেচিত হৈছে।
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত দৈবিনি নিৱাসী আখীলা কিস্কু। অতি দুখীয়া পৰিয়ালৰ আখীলা কিস্কুৰ মূৰৰ ওপৰত আকৌ ৩০ হাজাৰ টকাৰ ধাৰ। আখীলাৰ পিতৃয়ে ৩০ হাজাৰ টকা এগৰাকী স্থানীয় ব্যাক্তিৰ পৰা ধাৰ লৈ টকা ঘূৰাই নিদিয়াকৈয়ে ঢুকাই থকাত পিতৃ ঋণ পৰিশোধ কৰাৰ দায়িত্ব আখীলাৰ ওপৰতে পৰে।