ৰঙিয়া/তুলসীবাৰীঃ বিদ্যুৎ বিভাগত বিল আদায়ৰ নামত চলিছে ছিণ্ডিকেট ৰাজ। বিদ্যুৎ বিল আদায়ৰ ক্ষেত্রত এনজিঅ’ই ৰঙিয়াত চলাইছে ছিণ্ডিকেটৰাজ। এই অভিযোগ আমাৰ নহয়৷ ৰঙিয়াৰ বিদ্যুৎ সংমণ্ডলৰ গ্ৰাহকে উত্থাপন কৰিছে এই অভিযোগ৷
অাজি ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰীত বিদ্যুৎ বিলৰ ক্ষেত্রত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰি প্ৰায় ৫০০ বিদ্যুৎ গ্ৰাহকে বিদ্যুৎ বিভাগৰ বিৰুদ্ধ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যুৎ বিভাগত বিল আদায়ৰ নামত ছিণ্ডিকেট ৰাজ চলা বুলি অভিযোগ কৰে।