57
কাজলগাঁওঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ৰুণীখাটা বৰ্মণপাৰাত এটি গুলীবিদ্ধ বনৰীয়া হাতীৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
গড়, হাতী আদিৰ হত্যা বন্ধ কৰাৰ প্ৰতিশ্ৰতি দি চৰকাৰ গঠন কৰা বিজেপিয়ে গড়, হাতী হত্যা বন্ধ কৰাত বিফল হোৱাৰ অভইযোগ উঠিছে৷ বিগত প্ৰায় এমাহ ধৰি গুলিবিদ্ধ অৱস্থাত ৰুণীখাটাৰ দেওশ্ৰী বিট কাৰ্যালয়ৰ অন্তৰ্গত বৰ্মণপাৰাত গাঁৱত হাতীটোৱে গুলীবিদ্ধ অৱস্থাত অহা-যোৱা কৰি আছিল৷