70
টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখাং কুঁৱৰী গাও পঞ্চায়তৰ অন্তৰ্গত ১ নং গৰগুৰী গাঁৱৰ নিবাসী মুন গগৈৰ পত্নী আৰু তেওঁৰ কন্যা ২৪ জুনৰপৰা পৰা নিৰুদ্দেশ হৈ আছে।
নিৰুদ্দেশ হোৱা বোৱাৰী গৰাকীৰ নাম ৰশ্মী গগৈ (৩০) আৰু কন্যা শুৱলা গগৈ (০৭)। জানিব পৰা মতে মুন গগৈ কৰ্মসূত্ৰে কেৰেলাত থাকে। ২৪ জুনত চৰাইদেও জিলাৰ বৰহাট নাহৰ পুখুৰীৰ গাঁৱলৈ গৈছিল আৰু তাৰ পৰা ঘুৰি অহাৰ পথতে সন্ধানহীন হৈ আছে।