কাজিৰঙাঃ ৬৮ সংখ্যক বন মহোৎসৱ উপলক্ষে আজিৰে পৰা ২৮০০০ হাজাৰ গছপুলি ৰোপণ কৰিব কাজিৰঙা কৰ্তৃপক্ষই৷ কৃষি মন্ত্ৰী অতুল বৰাই আজি কাজিৰঙাত ৬৮ সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ কৰাৰ লগতে ২৮০০০ হাজাৰ গছপুলি ৰোপণৰ শুভৰাম্ভ কৰে।
এই অনুযায়ী স্থানীয় ৰাইজ, বন বিভাগ, ছাত্ৰ-ছাত্ৰী, সমাজকৰ্মী, সাংবাদিককে আদি কৰি সৰ্বসাধাৰণে ৰোপণ কৰিব ২৮০০০ হাজাৰ গছপুলি৷ আজি প্ৰতিকুল বতৰকো নেওচি ছাত্ৰ-ছাত্ৰী তথা ৰাইজ ওলাই আহে বন বিভাগৰ ২৮ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য সম্পূৰ্ণ কৰিবলৈ।