64
গোগামুখঃ নৈৰ বাঢ়নী পানীয়ে বুৰাইছে গোগামুখৰ বৃহত্তৰ এলেকা। গোঁসাইবাৰী, তাৰিং বনিয়া, লখিপথাৰ, ভোমা, সোণোৱাল গাওঁ, গেজিং, ভেৱেলী, ৰঙাজান, খনা, কৌপতনি আদি অঞ্চল জলমগ্ন। লঘোণ পৰিছে ৰাইজ। পশুধনৰ ব্যাপক ক্ষতিৰ আশংকা। বুজ ল’বলৈ প্ৰশাসনৰ লোক নহাৰ অভিযোগ।
