97
খাৰুপেটীয়াঃ অসমৰ পৰা অবৈধ ভাৱে বহিঃ ৰাজ্যলৈ নি থকা দুই ট্ৰাক বেত আজি দৰঙৰ খাৰুপেটীয়াত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ দৰং আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় কেইবালাখ টকা মূল্যৰ বেত৷
ৰাজ্যখনৰ পৰা বিভিন্ন সময়ত সাৰুৱা তেল, খনিজ সম্পদ আদি ৰাজ্যৰ বাহিৰৰ অসাধু ব্যৱসায়ীয়ে লৈ গৈ থকাৰ সময়তে এইবাৰ বনজ সম্পদৰ ওপৰত বহিঃ ৰাজ্যৰ ব্যৱসায়ীৰ চকু পৰা বুলি চৰ্চা হৈছে দৰঙত৷